চাকৰি বা পঢ়া-শুনাৰ সমান্তৰালভাৱে ইণ্টাৰনেটৰ পৰা কেনেকৈ আয় কৰিব?


ইণ্টাৰনেট, সহজাৰ্থত অনলাইনৰ পৰা সকলোৱে কম-বেছি পৰিমাণে ধন উপাৰ্জন কৰিব বিচাৰে৷ আমাৰ অঞ্চলৰ নৱপ্ৰজন্মৰ একাংশই ইতিমধ্যে অনলাইনৰ পৰা ধন উপাৰ্জন কৰি থকাও পৰিলক্ষিত হৈছে৷ কিন্তু তেওঁলোকৰ ধন উপাৰ্জনৰ মাধ্যমটো কেৱল ফেচবুক আৰু ইউটিউবৰ ভিডিঅ’তে সীমাবদ্ধ হৈ আছে৷ ইউটিউব আৰু ফেচবুকত তথাকথিত ‘ব্লগ’ (Vlog) আৰু বাতৰিৰ নামত অতি নিম্ন ৰুচিসম্পন্ন ‘কণ্টেণ্ট’ দৰ্শকসকলৰ মাজত বিলাই ফুৰিছে৷ নীতি-আদৰ্শ ভৰিৰে মোহাৰি সমাজক এক ভয়ংকৰ ভৱিষ্যতৰ ফালে ঠেলি দিছে এই তথাকথিত ‘ব্লগাৰ’ (Vlogger) আৰু সাংবাদিক(?)সকলে৷ এইসকল যুৱক-যুৱতীৰ মতে অনলাইনৰ পৰা কেৱল ভিডিঅ’ৰ জৰিয়তেহে ধন উপাৰ্জন কৰিব পাৰি! অথচ অনলাইনৰ পৰা ধন উপাৰ্জনৰ আন বহুতো উপায় নথকাও নহয়৷ তেনে উপায়বোৰক সাধাৰণতে ‘ফ্ৰীলাঞ্চিং’ বুলি কয়৷ ফ্ৰীলাঞ্চিঙৰ অৰ্থ হৈছে কোনো অনুষ্ঠান বা প্ৰতিষ্ঠানৰ বাবে নিজৰ সময়-সুবিধা, ইচ্ছা অনুসৰি নিজা ঠাইৰ পৰাই কাম কৰা৷ ফ্ৰীলাঞ্চিং এনে এটা পেছা য’ত কাম কৰাৰ কোনো ধৰা-বন্ধা নিয়ম বা সময় নাই৷ নিজৰ ইচ্ছা অনুসৰি সুবিধাজনক স্থানত কাম কৰিব পাৰি৷ তেনেদৰে কাম কৰিবলৈ কেৱল পেছাগতভাৱে দক্ষ হোৱা প্ৰয়োজন৷ আমাৰ সমাজৰ উঠি অহা প্ৰজন্মৰ মাজত ফ্ৰীলাঞ্চিঙৰ বিষয়ে বিশেষ আলোচনা বা প্ৰচাৰ নোহোৱাৰ ফলত তেওঁলোক এই সন্দৰ্ভত একেবাৰে অজ্ঞ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷

আজি ফ্ৰীলাঞ্চিঙৰ জৰিয়তে কৰিব পৰা দুই-এটা কামৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ৷ অনলাইন ফ্ৰীলাঞ্চিঙৰ দ্বাৰা ধন উপাৰ্জন কৰিব পৰা সকলোবোৰ কাম চাকৰি বা পঢ়া-শুনা কৰি থকাসকলৰ বাবে কৰাটো সম্ভৱ নহয়৷ গতিকে সকলোৱে কৰিব পৰা দুই-এটা কামহে আলোচনাৰ মাজলৈ আনিছোঁ৷

অনলাইনত লেখা-মেলা (Blogging) :

আপুনি যদি লেখা-মেলাত ভাল তেন্তে ‘ব্লগিং’ আৰম্ভ কৰিব পাৰে৷ আমি প্ৰথমে উল্লেখ কৰা ব্লগিং (Vlogging) আৰু ইয়াত আলোচনা কৰিবলৈ লোৱা ‘ব্লগিং’ (Blogging)ৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ প্ৰথমে উল্লেখ কৰা ব্লগিঙ হৈছে দৃশ্য-শ্ৰাৱ্য মাধ্যমৰ দ্বাৰা দৰ্শকৰ মাজত যোৱা আৰু এতিয়া আলোচনা কৰিবলৈ লোৱা ব্লগিং হৈছে যিকোনো বিষয় সন্দৰ্ভত লেখা-মেলাৰ দ্বাৰা পঢ়ুৱৈৰ সন্মুখত আপোনাৰ মতামত, দৃষ্টিভংগী আদি তুলি ধৰা৷ এই ব্লগিঙত প্ৰথমে আপোনাৰ পছন্দৰ এটি বিষয় বাছনি কৰক৷ তাৰ পিছত এটি মনোমোহা ৱেবছাইট নিৰ্মাণ কৰক৷ আজিকালি ইণ্টাৰনেটত, বিশেষকৈ গুগলৰ ‘ব্লগাৰ’ (Blogger)ত আপুনি বিনামূলীয়াকৈ ধুনীয়া ৱেবছাইট নিৰ্মাণ কৰিব পাৰে৷ তেনে ৱেবছাইট নিৰ্মাণৰ পিছত আপোনাৰ পছন্দনীয় বিষয় সন্দৰ্ভত আপোনাৰ মতামত, দৃষ্টিভংগী, গৱেষণা, বিচাৰ-বিবেচনা এই সকলোবোৰ প্ৰবন্ধ আকাৰে আপলোড কৰিব পাৰে৷ এনেদৰে নিয়মিত লিখাৰ চেষ্টা কৰি গ’লে লেখা-মেলাত পাৰদৰ্শী নহ’লেও এটা সময়ত আপুনি পাৰদৰ্শী হৈ উঠিব৷ আপোনাৰ লেখা-মেলাক আপুনি নিৰ্দিষ্ট এটা মাত্ৰা দিব পাৰিলে আপোনাৰ ৱেবছাইট এটা সময়তগৈ প্ৰতিষ্ঠিত হ’ব আৰু তেতিয়া কেইবাটাও মাধ্যমত আপোনাৰ উপাৰ্জন আৰম্ভ হ’ব৷ গুগল এডছেঞ্চ, কোম্পানীৰ প্ৰমোচন, পণ্যৰ প্ৰমোচন, পণ্য ৰেফাৰ আদিৰ জৰিয়তে উপাৰ্জন কৰা সম্ভৱ হৈ উঠিব৷

সংবদ্ধ বিপণন (Affiliate Marketing) :

সহজ ভাষাত, কোনো ভৌতিক বা ডিজিটেল পণ্য উপদেশমূলকভাৱে, সহজাৰ্থত ‘ৰেফাৰ’ (Refer)ৰ জৰিয়তে বিক্রী নিশ্চিত কৰাটোৱেই হৈছে সংবদ্ধ বিপণন বা এফিলিয়েট মাৰ্কেটিং (Affiliate Marketing)৷ উদাহৰণস্বৰূপে, ধৰি লওক আপুনি এজন জনপ্ৰিয় অনলাইন ষ্টোৰ ‘এমাজন’ (Amazon)ৰ সংবদ্ধ বিপণনকাৰী৷ কোনোবাই ফোন এটি ক্রয় কৰিবলৈ গুগল বা অন্য যিকোনো সামাজিক মাধ্যমত ছাৰ্চ কৰি চাওঁতে তাত সং-িষ্ট ফোন সন্দৰ্ভত থকা আপোনাৰ ৰিভিউটো পঢ়িলে৷ আপোনাৰ ৰিভিউটো ভাল লগাত ব্যক্তিগৰাকীয়ে প্ৰদত্ত লিংকৰ জৰিয়তে এমাজনত প্ৰৱেশ কৰি উক্ত ফোনটো ক্রয়ো কৰিলে৷ তেতিয়া উক্ত ফোনৰ লভ্যাংশৰ পৰা নিৰ্দিষ্ট এটা অংশ এমাজনে আপোনাক প্ৰদান কৰিব কমিচন হিচাপে৷ এনেদৰে এফিলিয়েট মাৰ্কেটিং কৰিলে বিভিন্ন পৃষ্ঠপোষক (Sponsors), গুগল এডছেঞ্চ আদিৰ মাধ্যমত উপাৰ্জন কৰিব পাৰি৷

ৱেবছাইটৰ ব্যৱসায় (Website Flipping) :

ৱেবছাইট ফ্লিপিঙৰ অৰ্থ হৈছে ইতিমধ্যে বিদ্যমান ৱেবছাইট ক্রয়-বিক্রয় কৰা, যেনেদৰে অন্যান্য পণ্যৰ ব্যৱসায় কৰা হয়৷ এই প্ৰক্রিয়াটোৰ সৈতে আমাৰ শিক্ষিত সমাজ খুব বেছি পৰিচিত নহয় যদিও অনলাইন মাধ্যমত ধন উপাৰ্জনৰ ই এক শক্তিশালী উপায়৷ কোনো বিষয় এটাক কেন্দ্ৰ কৰিহে ৱেবছাইট এটা নিৰ্মাণ কৰা হয়৷ ৱেবছাইট এটা নিৰ্মাণ কৰোঁতে এটা সুন্দৰ নামসম্পন্ন ড’মেইন, গতিসম্পন্ন হ’ষ্টিং, ৰেচপ’ঞ্চিভ মনোমোহা লে-আউট, ভাল কণ্টেণ্ট বা পোষ্ট আৰু এছইঅ’ (SEO)৷ এই সমূহ কাম শুদ্ধ আৰু পৰিপূৰ্ণভাৱে সম্পন্ন কৰিব পাৰিলে এটা ৱেবছাইট অতি কম সময়তে প্ৰতিষ্ঠিত হৈ পৰে৷ ইয়াৰ উপৰি গুগল এডছেঞ্চ, এফিলেয়ট ছেটাপ কৰা থাকিলে তুলনামূলকভাৱে বেছি মূল্যত বিক্রী কৰা যায়৷ এই কামবোৰ নিজে কৰিব নোৱাৰিলে বিনিয়োগ কৰাৰ জৰিয়তে ফ্ৰীলাঞ্চাৰৰ হতুৱাই কৰাব পৰা যায়৷

এমাজন কিণ্ডল পাব্লিছিং Amazon Kindle Publishing (KDP) :

পৃথিৱীৰ সৰ্ববৃহৎ অনলাইন ষ্টোৰ ‘এমাজন’ (Amazon)ৰ নাম নুশুনা ব্যক্তি আজিৰ দিনত কোনোবা ওলাব বুলি মনে নধৰে৷ এমাজনৰ ‘এমাজন কিণ্ডল’ (Amazon Kindle) বুলি কিতাপ-পত্ৰ, আলোচনী আদি সম্বন্ধীয় আন এক মঞ্চ আছে, য’ত দুই ধৰণৰ কিতাপ পোৱা যায়৷ ডিজিটেল আৰু ছপা৷ এই কিণ্ডেলত নিজে লিখি নাইবা অন্য কাৰোবাৰ হতুৱাই কিতাপ লিখি প্ৰকাশ কৰিব পাৰি৷ এই ক্ষেত্ৰত ভাষাৰ কোনো সীমাবদ্ধতা নাই৷

গ্ৰাফিক ডিজাইন (Graphic Design) :

প্ৰাচীন যুগৰে পৰা চিত্ৰকলা তথা শিপ্লৰ প্ৰতি মানুহৰ দুৰ্বলতা অপৰিসীম৷ আজিও সেই ধাৰা অক্ষুণ্ণ আছে৷ তাহানি শিপ্লী তথা চিত্ৰকৰসকলে কেনভাছত ৰং-তুলিকাৰে নিজৰ কপ্লনাক বাস্তৱ ৰূপ দিছিল৷ সময়ৰ পৰিৱৰ্তন আৰু তথ্য-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে তাহানিৰ সেই কাৰ্যপদ্ধতি আজি ইমানে উন্নত ৰূপ পাইছে যে সেয়া আজি প্ৰতিজন মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ আধুনিক চিত্ৰকলা তথা শিপ্ল অথবা ‘গ্ৰাফিক ডিজাইনিং’ হৈ পৰিছে আধুনিক বিশ্বৰ অতি বিশ্বস্ত সহচৰ৷ গ্ৰাফিক ডিজাইনিং অবিহনে মানুহে আজি কোনো কামেই ভাবিব নোৱাৰে৷ ভৰিৰ জোতাযোৰৰ পৰা মূৰৰ টুপীটোলৈকে, হাতৰ কলমডালৰ পৰা মোবাইলটোলৈকে অথবা গাড়ীখনৰ পৰা শোৱনী কোঠাৰ পৰ্দালৈকে বিস্তৃত গ্ৰাফিক ডিজানিং৷

এনে এটি জনপ্ৰিয় মাধ্যমক আপুনি আপোনাৰ ধন অৰ্জনৰ এক শক্তিশালী মাধ্যমৰূপে বাছি ল’ব পাৰে৷ অনলাইনত আপুনি ডিজাইন কৰা বিভিন্ন কণ্টেণ্ট, যেনে ফ্লায়াৰ, ছ’চিয়েল মিডিয়া পোষ্ট, বিয়া-সবাহ আদিৰ নিমন্ত্ৰণী পত্ৰ, বাৰ্থডে’ কাৰ্ড, বিভিন্ন বিষয়ৰ ব্ৰ’ছাৰ, বিজ্‌নেছ কাৰ্ড আদিৰ ডিজাইন বিভিন্ন ৱেবছাইটৰ জৰিয়তে বিক্রী কৰিব পাৰে৷ আপোনাৰ ডিজাইন বিক্রী কৰিব পৰা তেনে দুটামান জনপ্ৰিয় ৱেবছাইট হৈছে শ্বাটাৰষ্ট’ক, ফ্ৰীপিক আদি৷ তদুপৰি আপুনি আপোনাৰ মোবাইলেৰে তোলা বিভিন্ন ছবিও উক্ত ৱেবছাইটৰ জৰিয়তে বিক্রী কৰিবলৈ প্ৰদৰ্শন কৰিব পাৰে৷ আনহাতে ‘প্ৰিণ্ট অন ডিমাণ্ড’ Print On Demand (POD) বুলি এই সম্বন্ধীয় আন এক ধাৰণাও অনলাইন মাৰ্কেটত প্ৰচলিত আছে, য’ত বিভিন্ন পণ্যত নিজ ডিজাইন ধাৰণাক ছপা কৰি বিক্রী কৰিব পৰা যায়৷ উদাহৰণস্বৰূপে টি-চাৰ্ট, কফি কাপ, ৱালপেপাৰ, টাইল্‌চ ইত্যাদি৷ এনে সুবিধা প্ৰদান কৰা অসংখ্য কোম্পানী বা মঞ্চ আছে৷ তাৰে কেইটামান জনপ্ৰিয় ৱেবছাইট হৈছে এমাজন (Amazon), টীস্পীং (Teespring), ৰেডবাবল (Redbubble), প্ৰিণ্টিফাই (Printify) আদি৷ ইয়াত কেৱল আপোনাৰ ডিজাইন আপলোড কৰিলেই হ’ল৷ আপোনাৰ ডিজাইন বিক্রি হ’লে তেওঁলোকে আপোনাৰ লভ্যাংশ আপোনাৰ বেংক একাউণ্টলৈ পঠিয়াই দিয়ে৷

উল্লিখিত ৫টা কাম চাকৰি আৰু পঢ়া-শুনা কৰাৰ সমান্তৰালভাৱে কৰিব পৰা যায় বুলি মই ভাবোঁ৷ উল্লিখিত প্ৰতিটো কাম কৰিবলৈ যাওঁতে ব্যক্তিগৰাকী এক সৃষ্টিশীল মন-মানসিকতাৰ অধিকাৰী হ’বই লাগিব৷ যিমান বেছি সৃষ্টিশীল হ’ব; যিমান বেছি অধ্যয়ন কৰিব, নিজৰ দক্ষতাক উন্নীত কৰিব সিমান বেছি আয় কৰিব পাৰিব৷ অৱশ্যে কেৱল ধনৰ লোভত নিজৰ আগ্ৰহৰ পৰিপন্থী কোনো কাম কৰিবলৈ যোৱাটো মুৰ্খামী হ’ব৷ উল্লিখিত যি কামত আপোনাৰ আগ্ৰহ আছে সেই কামত আগবঢ়াটো নিশ্চয়কৈ বুদ্ধিমানৰ কাম হ’ব৷ কিয়নো কোনো এটা কামৰ প্ৰতি আপোনাৰ আগ্ৰহ যিমান থাকিব সেই কামত আপুনি সিমানেই দক্ষ হৈ উঠিব পাৰিব৷

এতিয়া আলোচনা কৰিবলৈ লোৱা বিষয়সমূহক আপুনি যদি গুৰুত্বসহকাৰে নলয় তেন্তে উপৰোক্ত কামসমূহ আপোনাৰ বাবে নহয় ধৈৰ্যহীনতা, বিশেষকৈ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত যদি আপোনাৰ মাজত আছে তেন্তে আপুনি এই ক্ষেত্ৰত আগনাবাঢ়িব৷ কাৰোবাৰ সৈতে যোগাযোগ কৰিবলৈ ন্যূনতম ‘কমিউনিকেচন স্কীল’ থকাটো এই কামসমূহৰ উল্লেখযোগ্য চৰ্তসমূহৰ অন্যতম৷ গতিকে আপোনাৰ যদি ন্যূনতম যোগাযোগ দক্ষতা নাই, তেন্তে এই কাম আপোনাৰ বাবে নহয়৷ কোনো কাম শিকাৰ পূৰ্বেই আপুনি ধনাৰ্জনৰ কথা যদি চিন্তা কৰে তেন্তে আপুনি এইক্ষেত্ৰখনৰ বাবে এজন অযোগ্য ব্যক্তি৷ সেয়েহে কেৱল এই ক্ষেত্ৰখনতে নহয়, আপুনি যি কামেই নকৰক লাগিলে সেই কামত একানপতীয়াকৈ লাগি থকাৰ লগতে উক্ত কৰ্মত আপুনি দক্ষ হৈ উঠিলেহে সফলতাৰ মুখ দেখা পাব৷ তদুপৰি কোনো কামতে আপুনি উজু বাট বা বহুল প্ৰচলিত ‘শ্বৰ্টকাট’ নিবিচাৰিব৷ শ্বৰ্টকাট বিচৰা মানে হৈছে আপুনি কামত ফাঁকি দিব খুজিছে যি আপোনাৰ সফলতাৰ এক ডাঙৰ অন্তৰায় হিচাপে দেখা দিব৷

এইবোৰৰ উপৰি আপোনাৰ মাজত বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণৰ মানসিকতা, উপস্থিত বুদ্ধি, প্ৰচুৰ অধ্যয়ন, জ্ঞানাৰ্জন, দক্ষতা উন্নীত কৰণৰ প্ৰতি ধাউতি, কামৰ প্ৰতি নিষ্ঠাৱান, একাগ্ৰতা আদি গুণসমূহ থকাটো খুবেই জৰুৰী৷ সৰ্বোপৰি আপোনাৰ মাজত ধৈৰ্য আৰু নিষ্ঠা এই দুটা প্ৰক্রিয়াই খুব সক্রিয়ভাৱে কাম কৰিব লাগিব৷

Pages