Ganere Tumar-গানেৰে তোমাৰ | Post-Zubeen Era | A Musical Tribute to Zubeen Garg

জুবিন— এক সুৰীয়া সত্তা, যিয়ে আমাৰ দেহ-মন সম্প্ৰতি আচ্ছন্ন কৰি ৰাখিছে। জুবিনোত্তৰ সময়বোৰ আগবঢ়াৰ লগে লগে আমাৰ মাজত যেন তীব্ৰহে হৈ পৰিছে জুবিনাসক্তি। প্ৰতিনিয়ত, প্ৰতি পল কেৱল জুবিনময়। এই গীতটি হৈছে কিংবদন্তি গায়ক জুবিন গাৰ্গৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। যোৱা ১৯ চেপ্টম্বৰত এই গৰাকী হিয়াৰ আমঠুৱে এক ৰহস্যজনক পৰিস্থিতিত চিংগাপুৰত ইহ সংসাৰ ত্যাগ কৰে।



Title : Ganere Tumar-গানেৰে তোমাৰ

Singer : Fayaz Khan

Tune : Fayaz Khan

Lyrics : Sultan Mahmud Mirdha

Music : Fayaz Khan

Arranger : Omar Faruk 

Mixing Master : Bhabajit Mali


গীতৰ কথা—

গানেৰে তোমাৰ

সুৰীয়া অপাৰ আমাৰ প্ৰজন্ম

হৈ আছা, হৈ থাকিবা

নায়ক তুমি আমাৰ আজন্ম


জীৱনৰ গানবোৰক

তোমাৰ অৱৰ্তমানত

লাগিছে সুৰহীন বুলি,

জাতি ধৰ্মৰ উৰ্ধত

জুবিনময় শূন্যতাত

যন্ত্রণাময় অসম সমূলি

ৰাউচি জুৰে,

বুকু ঢকিয়ায় 

আজি বিশ্বই

তোমাকে ধিয়াই


ক’লা ৰঙৰ পৃথিৱীত

তুমি শুভ্ৰতাৰে প্ৰতীক

তোমাৰ সুৰৰ সীমনাত

বাট বিচাৰিছো সঠিক

ক’লীয়া ডাৱৰ আকাশৰ

আঁতৰাই কণ্ঠেৰে তোমাৰ

শান্তি বিলাই

মৌন আজি তুমি বিশ্বক কন্দুৱাই


এসাগৰ লোকে একেথৰে

তুমি দেখুওৱা সুৰীয়া বাটেৰে

হাতে হাত ধৰি খোজকাঢ়ে

পথাৰ উকা কৰি সুৰৰে

সাগৰ তলিত জিৰণি

বুকু উদং কৰি অসমী আইৰে

নাই, নাই তুমি; এৰিলা বুকু ধৰাৰে

Pages