কিয় ‘কয়াকুছি, অনুশীলন, স্বপ্নাতুৰ ইত্যাদি...’?

কয়াকুছি, বৰপেটা সদৰৰ পৰা ১১ কি.মি. উত্তৰ-পূৱ দিশে অৱস্থিত সংখ্যালঘু অধ্যুষিত এটি অতি পিছপৰা অঞ্চল, মোৰ জন্মস্থান। নিজৰ জন্মস্থানৰ বাবে কিবা এটা কৰাৰ তাড়ণাতে সৃষ্টি হ’ল এই ব্লগ। নিজৰ মাতৃভূমিক লৈ, মাতৃভাষাক লৈ সপোন নেদেখাজনক, ইয়াৰ প্ৰতি আন্তৰিকতা নথকাজনক, ইয়াৰ বাবে কিবা এটা কৰাৰ মানসিক টান অনুভৱ নকৰাজনক লোকে কি বুলিব নাজানো, মই কিন্তু সেইজনক চৰম স্বাৰ্থপৰ বুলিম। মাতৃভূমিৰ প্ৰতি থকা এনে আন্তৰিকতা, মানসিক টান আৰু সপোনে মোক বাধ্য কৰালে নিজৰ জন্মস্থানক বিশ্ববাসীৰে পৰিচয় কৰাবলৈ।

স্বৰাজোত্তৰ কালৰে পৰা চৰকাৰী পক্ষ আৰু প্ৰশাসনৰ দ্বাৰা চৰমভাৱে উপেক্ষিত কয়াকুছিৰ বহুকেইজন সন্তানে ইতিমধ্যে সৰ্ব ভাৰতীয় পৰ্যায়ত অসমৰ নাম উজ্বলাইছে। তদুপৰি পূৰ্ব বংগীয়মূলৰ অসমীয়া অধ্যুষিত কয়াকুছিবাসীয়ে ঘৰুৱাভাৱে বাংলা আৰু অসমীয়াৰ সংমিশ্ৰনত সৃষ্টি হোৱা দোৱান ব্যৱহাৰ কৰে যদিও প্ৰতিজন কয়াকুছিবাসীয়ে কিন্তু নিজে অথবা নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত লিখা-পঢ়া কৰোৱাই আহিছে। অসমীয়া সাহিত্য তথা সংস্কৃতিৰ ভড়াল টনকিয়াল কৰাৰ ক্ষেত্ৰত কয়াকুছিবাসীৰ অৱদান অনস্বীকাৰ্য। ইছমাইল হোছেইন, গোলাম ছাৰোৱাৰ, ছিদ্দিক আলী আহমেদ, তালেবৰ ৰহমান, চুলতান মাহমুদ মিৰ্ধা, ছফি আহমেদ আদিয়ে সাহিত্য ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰাৰ বিপৰীতে দিলুৱাৰ হুছেইনে ভ্ৰাম্যমাণ ক্ষেত্ৰত, জাকিৰ হুছেইন, জেহেৰুল ইছলাম, শ্বেখ শ্বান, নৱনুৰ ইছলাম আদিয়ে সংগীতৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিছে। এয়া কিন্তু বাংলাত নহয় শুদ্ধ অসমীয়াত।

এনে এখন অঞ্চলক বিশ্ববাসীৰে পৰিচয় কৰাই নিদিয়া পৰ্যন্ত মই নিজে এটা অপৰাধবোধত ভুগি আছিলো। আজি সেই অপৰাধবোধৰ পৰা মুক্তি পোৱা যেন অনুভৱ হৈছে।

Pages