প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কিহৰ ভয়?


সাধাৰণতে আমি কাৰোবাৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কাৰণটোৱেই হৈছে হাৰি যোৱাৰ ভয়। তেন্তে এছিয়াৰ সৰ্ববৃহৎ অৰাজনৈতিক (!) ছাত্ৰ সংগঠন ‘আছু’ আৰু অন্যান্য কিছুমান দল-সংগঠনৰ ক্ষেত্ৰতো এই সত্যটোৱেই ক্ৰিয়া কৰি আছে নেকি? অসমত বাংলাদেশীৰ আগ্ৰাসন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তয়েদি প্ৰতিদিনে শ শ বাংলাদেশীৰ অনুপ্ৰৱেশৰ বিষয় সন্দৰ্ভত তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী ‘পৌৰণিক কাহিনী’ এটাৰ বাহিৰে বাস্তৱত ইয়াৰ ভিত্তি আছে জানো? নে সমাজৰ এটা অংশক তেওঁলোকৰ ভাষা, পিন্ধন-ওৰণ আৰু ধৰ্মগত বৈপৰীত্যৰ বাবে ঘৃণা কৰাটোক ন্যায্যতা প্ৰদানৰ বাবেই তেওঁলোকৰ সামাজিক আৰু ভৌগলিক অস্তিত্বকে অস্বীকাৰ কৰিব বিচৰা হৈছে?

বিগত ৫টা দহক ধৰি অসমৰ সমাজ-জীৱন, ৰাজনৈতিক ক্ষেত্ৰ আদিক প্ৰভাৱিত কৰি ৰখা এটা স্পৰ্শকাতৰ বিষয় হৈছে বাংলাদেশীৰ আগ্ৰাসন আৰু অবৈধ অনুপ্ৰৱেশ। এই ইছ্যুটোক কেন্দ্ৰ কৰি বহুতে আনকি ইতিমধ্যে শাসনত অধিষ্ঠিত হোৱাৰ লগতে একাংশ দল-সংগঠনৰ বাবে ই পৰিছে ‘ব্ৰেড এণ্ড বাটাৰ’। সাম্প্ৰতিক সময়ত অতি অপ্ৰাসংগিক কিছুমান দল-সংগঠনৰ দালালীৰ দোকানো এই ইছ্যুক কেন্দ্ৰ কৰিয়েই চলি আছে। ইমানদিনে এই ইছ্যুটো একাংশ বেচৰকাৰী অৰাজনৈতিক(!) দল-সংগঠনৰ অস্তিত্ব জাহিৰৰ আহিলা আছিল যদিও চৰকাৰীযন্ত্ৰই আইনৰ গণ্ডীত থাকিয়েই কিছু অত্যাচাৰ কৰি আহিছিল। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ভাৰতৰ প্ৰকৃত নাগৰিক একাংশক চমক সৃষ্টিৰ উদ্দেশ্যে তথাকথিত “পুশ্ব বেক” কৰাৰ পিছত অসমত এই প্ৰসংগটোৱে একাংশৰ বাবে পুনৰ অস্তিত্ব জাহিৰৰ পথ মুকলি কৰাৰ বিপৰীতে আন একাংশৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰে।

যোৱা ৯ জুনত অনুষ্ঠিত অসম বিধান সভাৰ বিশেষ অধিৱেশনত চৰম অহমিকাৰে ৰাজ্য এখনৰ চৰকাৰী যন্ত্ৰৰ সৰ্বোচ্চ সাংবিধানিক মুৰব্বী মুখ্যমন্ত্ৰীজনে সদনৰ পৱিত্ৰ মজিয়াত নিজৰ সাংবিধানিক চৰিত্ৰ স্বয়ং হনন কৰিলে। স্বৰাজোত্তৰ কালত ৰাজনীতিৰ ক্ষেত্ৰখনত কেৱল ক্ষমতা লাভৰ আহিলা হিচাপে ব্যৱহৃত বংগমূলীয় মুছলমানক সকলো ধৰণৰ নীতি-নিয়ম, উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত কোটি কোটি টকা ব্যয় সাপেক্ষে উন্নীত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ ন্যায্যতা, ৮৫৫জন পাহোৱাল অসমীয়া ডেকা আৰু হাজাৰ হাজাৰ সংখ্যালঘুৰ তেজৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিৰ বৈধতাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি নীতিবহিৰ্ভূতভাৱে একমাত্ৰ ভোট লাভৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনে পৰোক্ষভাৱে ৰাষ্ট্ৰহীন কৰাৰ যি পদক্ষেপ লৈছে সেয়া খুবেই দুৰ্ভাগ্যজনক, চিন্তাজনক। অসমৰ মুখ্যমন্ত্ৰীজন কেৱল বিজেপি নাইবা হিন্দু সম্প্ৰদায়ৰে সাংবিধানিক অভিভাৱক নহয়; কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিআই(এম)কে আদি কৰি মুছলমান, শিখ, খ্ৰীষ্টান সম্প্ৰদায়ৰো সাংবিধানিক অভিভাৱক। এগৰাকী সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ দুখ-দুৰ্দশা, সমস্যা আদিৰ বিষয়ে শুনাটোও তেখেতৰ দায়িত্ব। গতিকে তেখেতক এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে নিজৰ কৰ্তব্য পালন কৰিলেহে অসমবাসীৰ কল্যাণ হ’ব। 

মুখ্যমন্ত্ৰীজনে সদনৰ মজিয়াত প্ৰদান কৰা বক্তব্য (ঘোষণা)ৰ সমৰ্থনত একাংশ দল-সংগঠনে পুনৰ আইন-কানুন, সংবিধান আদিক ভৰিৰে মোহাৰি বিদেশী (বাংলাদেশী) সমস্যা সন্দৰ্ভত নিজৰ পুৰণি ৰেকৰ্ডটোকে বজাবলৈ আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে ৯ জুনত “প্ৰতিদিন টাইম”ৰ বিশেষ অনুষ্ঠান “অভিমত”ত সংখ্যালঘু সম্প্ৰদায়ৰ কেবাগৰাকী নেতাৰ লগতে সমুজ্জল কুমাৰ ভট্টাচাৰ্যও উপস্থিত আছিল। সংখ্যালঘু নেতা কেইগৰাকীয়ে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিজন বিদেশী (বাংলাদেশী)য়ে ভাৰতভূমি এৰিব লাগিব আৰু ২৫ মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় সুৰক্ষিত হ’ব লাগিব বুলি দৃঢ়তাৰে কোৱাৰ বিপৰীতে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কেৱল ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা বিদেশীৰ বহিষ্কাৰৰ কথা ক’লেও বিদেশীৰ নামত এক বুজন সংখ্যক প্ৰকৃত ভাৰতীয় নাগৰিক যে কেৱল সাধাৰণ লিপিগত ভুল, বয়সৰ সামান্য তাৰতম্য, বিদেশী ন্যায়াধিকৰণৰ সদস্যজনৰ একপক্ষীয়, আক্ৰোশমূলক নাইবা নিৰ্ধাৰিত লক্ষ্যগত সংখ্যা অৰ্জনৰ তাগিদাত দিয়া ঋণাত্মক ৰায়দান আদিৰ বাবে হাৰাশাস্তি হৈছে সেই সন্দৰ্ভত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰে। এই সন্দৰ্ভত তেখেতৰ মৌনতা যে নতুন নহয় সেয়া আমি জানো। কিন্তু উল্লিখিত অনুষ্ঠানত সংখ্যালঘু জনগোষ্ঠীৰ নেতা তিনিজনে তেওঁক তথ্য-প্ৰমাণসহ প্ৰকৃত ভাৰতীয় নাগৰিকে বাংলাদেশীৰ নামত হাৰাশাস্তি হৈ থকা বিষয়টো বুজোৱাৰ চেষ্টা কৰিলে যদিও তেওঁ অতি দৃষ্টিকটূভাৱে তাক আওকান কৰা দেখা গ’ল। উল্লেখযোগ্য যে সিদিনাৰ অনুষ্ঠানত বক্তা কেইগৰাকীয়ে ভট্টাচাৰ্যক যি ধৰণে বুজালে ইয়াৰ আগতে সম্ভৱতঃ কোনেও তেনে স্পষ্টভাৱে বুজাব পৰা নাছিল। ইয়াৰ পিছতো তেওঁ ভাৰতীয় নাগৰিকৰ হাৰাশাস্তিৰ বিষয়টো বেপৰুৱাভাৱে এৰাই গৈ কেৱল নিজৰ সেই স্বভাৱজাত কথা কেইটাকে দোহাৰি থাকিল। এটা সময়ত যেতিয়া এআইইউডিএফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন (Ashraful Hussain)-এ সমুজ্জল কুমাৰ ভট্টাচাৰ্যক যাদৃচ্ছিকভাৱে ১০০জন বিদেশী ঘোষিত লোকৰ ভাৰতীয় নাগৰিকত্বৰ সমৰ্থনত থকা প্ৰমাণাদি পৰীক্ষা কৰিবলৈ সংশ্লিষ্ট এলেকাসমূহলৈ আহিবলৈ আহ্বান জনালে তেতিয়া তেওঁ যেন থতমত খালে। আশ্ৰাফুলে আনকি তেওঁলোকৰ যাতায়তকে আদি কৰি সমস্ত খৰচৰ দায়িত্ব মূৰ পাতি লোৱাৰ পিছতো সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সেই আহ্বানৰ প্ৰতি সঁহাৰি দিয়াৰ সৌজন্যতাকণো দেখুওৱাব নোৱাৰিলে।

তদুপৰি যোৱা ২৬ মে’ত গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ জৰিয়তে এবিআমছুৰ সভাপতি টাইছন হুছেইন (Taison Hussain)-এ সততে বাংলাদেশীক লৈ সৰৱ হৈ থকা অসমৰ অন্যান্য দল-সংগঠনক তেওঁলোকৰ নিজৰ ইচ্ছামতে যাদৃচ্ছিকভাৱে কোনো এখন ঠাই আৰু মানুহক বাচনি কৰি নাগৰিকত্বৰ পৰীক্ষা কৰিবলৈ প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ আহ্বান জনায়। উক্ত দল-সংগঠনে এই কাম কৰিলেবলৈ যাওতে হ’বলগীয়া যাৱতীয় খৰচ-পাতিৰ দায়িত্ব এবিআমছুই ল’ব বুলি কোৱাৰ পিছতো আজিলৈকে কোনো দল-সংগঠন আগুৱাই নাহিল।

আনফালে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ নেমছুৰ সভাপতি বদৰুল ইছলাম (Badrul Islam)-এও ১১ জুনৰ দিনা ‘ডি ৱাই ৩৬৫’ৰ ‘দ্যা ট্ৰুথ’ নামৰ এক অনুষ্ঠানত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনক অনুৰূপ ধৰণৰ আহ্বান জনায়। উক্ত অনুষ্ঠানত ইছলামে ‘আছু’ৰ লগত আলোচনামৰ্মে একগোট হৈ অবৈধ বিদেশী বিতৰণৰ বাবে চৰকাৰক সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতিও দিয়ে। যদিও আছুই মাতে তেন্তে তেওঁলোকে আছুৰ কাৰ্যালয়লৈ যাবলৈও প্ৰস্তুত বুলি কয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিলৈকে আশ্ৰাফুল বা বদৰুল ইছলামে আছুৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই।

যি জনগোটে বাংলাদেশীৰ নামত এক দীৰ্ঘদিন ধৰি সন্দেহৰ আৱৰ্তত আছে, নাগৰিকত্বৰ প্ৰমাণ দিবলৈ দিনৰ পিছত দিন বিদেশী ন্যায়াধিকৰণৰ বাৰাণ্ডাত অপেক্ষা কৰি আছে, পেটৰ ভাত মুঠি জোগাৰ কৰিবলৈ ঘৰখন এৰি বিশেষকৈ উজনি অসমলৈ গ’লেই আত্ম-সন্মান হেৰাইছে, তেনে জনগোটে যেতিয়া সমস্যা সমাধানৰ বাবে একগোট হৈ কাম কৰাৰ প্ৰস্তাৱ দিয়ে তেতিয়া তথাকথিত সেই জাতীয়তাবাদীসকলে অতি নিৰ্লজ্জভাৱে সেই প্ৰস্তাৱত সঁহাৰি দিয়াৰ পৰা বিৰত থাকে। কাৰণ এবাৰ কেনেবাকৈ এই সমস্যা সমাধান হ’লে সেই তথাকথিত জাতীয়তাবাদীসকলৰ দোকানখন যে বন্ধ হৈ পৰিব! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুছলমান সন্দৰ্ভত শেহতীয়া যি স্থিতি সেয়া স্পষ্ট। এই নীতিবহিৰ্ভূত কাম তেওঁ কিয় কৰিছে সেয়া ৯ জুনত অনুষ্ঠিত অসম বিধান সভাৰ বিশেষ অধিৱেশনত অতি মুকলিভাৱে কৈ গৈছে। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে তেওঁৰ আজিৰ স্থিতিৰ অসমৰ আগৰ চৰকাৰবোৰৰ স্থিতিৰ সৈতে কোনো পাৰ্থক্য নাই। কেৱল আগৰ চৰকাৰে সেইখিনি লুকাই কৰিছিল আৰু আজি একেখিনি কাম মুখ্যমন্ত্ৰী শৰ্মাই মুকলিকৈ কৰিছে। গতিকে ইছলাম ধৰ্মাৱলম্বী এই জনগোটটো আচলতে চৰকাৰ, ৰাজনৈতিক-বেচৰকাৰী দল-সংগঠন আদিৰ বাবে সোণৰ কণী পৰা হাঁহহে। এই সমস্যাৰ সমাধান কোনোও নিবিচাৰে।

দ্ৰাবিড় মূলীয় এই জনগোষ্ঠীটোৱে স্বৰাজোত্তৰ কালত নিজৰ নাগৰিকত্ব প্ৰমাণাৰ্থে শুনানীৰ নামত যিমানবাৰ শাৰী পাতিছে পৃথিৱীৰ অন্য কোনো জন সমষ্টিয়ে চাগৈ তাৰ ১ শতাংশও শাৰী পতা নাই। ইমানবাৰ নাগৰিকত্বৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতো আজিও তেওঁলোকে একাংশ চৰম দায়িত্বজ্ঞানহীন আৰু সাম্প্ৰদায়িক সীমান্ত আৰক্ষীৰ আক্ৰোশৰ বলি হৈ আহিছে। তদুপৰি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক ক্ষেত্ৰখনত সহায়ক হ’ব পৰাকৈ এক আনুমানিক সংখ্যক বাংলাদেশী অসমত থকাৰ কথাটোতো আছেই সহজ-সৰল অসমীয়াখিনিক উত্তেজিত কৰিবলৈ।

Pages